We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
' বুঢ়ী আইৰ সাধু' ৰ ই-সংস্কৰণ প্ৰসংগত
পাতনি
প্ৰখ্যাত ৰামায়ণী পণ্ডিত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ ভাষাত: " বুঢ়ী আইৰ সাধুখন অসমীয়া সাধু কথাৰ ভঁৰাল। " যোৱাটো শতিকাৰ ষাঠিৰ দশকত, অৰ্থাৎ বুঢ়ী আইৰ সাধুৰ প্ৰকাশৰ প্ৰায় পঞ্চাছ বছৰ পাছত লেখাৰুৱে লিখিছিল: " অতি সহজ সৰল ভাষাত লেখা এই সাধুবোৰ আজিও কৰা ছোৱালীৰ আগ্ৰহৰ বস্তু। " একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজ ভাগতো (২০২৪) লেখাৰুৰ এই মন্তব্য সত্য হৈ ৰৈছে। বুৰঞ্জীবিদ তথা বিশিষ্ট অসমীয়া গদ্য ৰীতিৰ প্ৰবৰ্তন কৰোঁতা বেণুধৰ শৰ্মাৰ মতে সাধুতেই জাতীয় সভ্যতাৰ আত্মাটো বা আমঠুটো সোমাই থাকে। বুঢ়ী আইৰ সাধু ছপা হোৱা এশ বছৰ পাছতো এই সাধুবোৰে নিৰ্মাণ কৰি লোৱা ভিন ভিন তৰপীয়া জগতৰ সাৱলীলতাই শিশু মনক এতিয়াও চুই যাবলৈ সক্ষম হৈ ৰৈছে। বুঢ়ী আইৰ সাধুত মুঠতে ত্ৰিশটা সাধু আছে। আলোচক ফ্ৰাৎচ ফ্ৰানোৱে ঔপনিৱেশিকতাৰ এটা স্তৰত এই উপনিবেশৰ অধীনৰ কিছু আগবঢ়া লোকে বৌদ্ধিক ভাৱে নিজৰ জাতি, সমাজৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা দেখা যায় বুলি কৈছে।
ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ সমলৰ পৰা এই পৰিচয় প্ৰতিষ্ঠা(establishment of identity)ৰ প্ৰক্ৰিয়াটো আগবাঢ়ে। বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু অসমীয়া মানুহৰ বাবে জাতিটোৰ প্ৰতিষ্ঠা স্থাপনৰ এটা নমুনা। মনোৰঞ্জনৰ বাবে ৰচিত হ'লেও এই সাধুবোৰে কোনো কোনো ক্ষেত্ৰত নৈতিক শিক্ষা(moral education) ও দিয়াৰ প্ৰয়াস কৰিছে। লোক কল্পনা(folk imagination) ৰ এক মনোৰম প্ৰয়োগৰূপে বেজবৰুৱাৰ 'দীঘলঠেঙীয়া' নামৰ সাধুটোৰ নাম ল'ব পাৰি। এই দীঘলঠেঙীয়াৰ ভয়ত আনকি বাঘো পলাই ফুৰে। বেজবৰুৱাই কিছুমান মোখনি মাৰোতে কাহিনী কওঁতাজনে নিজক অদৃশ্য ৰাখি শেষত ভুমুকি মাৰি যোৱাৰ কৌশলটো ব্যৱহাৰ কৰিছে। তেনেদৰে সাধু কথাৰ মাজে মাজে doggerel অৰ্থাৎ লঘূ , ধেমেলীয়া, চুটি পদ্যৰ ব্যৱহাৰ কৰি সাধু কথাবোৰত আন এক আয়তন দিছে। বেজবৰুৱাৰ কেতবোৰ চুটি পদ্যই প্ৰায়েই যোজনাৰ ৰূপ লৈ আজিও অসমীয়া মানুহৰ মনত তাৰ ৰেশ এৰি গৈছে।
" এজাৰ নিজাৰ পৰিল ... " " হাতো নেমেলিবি ফুলো নিছিঙিবি ক'ৰে নাৱৰীয়া তই... " " আগলি কলাপাত লৰে কি চৰে চিলনি আই মোৰ আগতে পৰে..." ইত্যাদি। সাধুটোক মিছা বুলি বেজবৰুৱাই কৈ উঠি কণমানি পঢ়ুৱৈহঁতক বাস্তব ( real) আৰু কল্পনা(imagination) ৰ পাৰ্থক্যৰ সম্পৰ্কে যেন সচেতন কৰি দিব খুজিছে: " চালত পৰিল ফেঁচা/ মোৰ সাধুকথা মিছা । তামোলে মেলিলে দাবি / কোন কলৈ যাবি।"
সাধুকথা দুবিধ আছে। এবিধ, মানুহক ঘাইকৈ নীতিশিক্ষা দিবৰ নিমিত্তে ৰচিত :- পঞ্চতন্ত্ৰ, হিতোপদেশ আৰু লা ফন্টেনৰ (La Fontion) সাধুবোৰ। আনবিধ, মানুহৰ কল্পনা শক্তিৰ বাঘজৰী ঢিলাই দি তাক চেকুৰিবলৈ এৰি দি ল'ৰা-ডেকা-বুঢ়া সকলোৰে মনত আনন্দ দিবলৈ ৰচিত, ঘাইকৈ ল'ৰাৰ মনত। কিন্তু গুৰিতে সাধুবোৰ যি উদ্দেশ্যেৰেই হওক, এতিয়া সেইবোৰৰ পৰা পণ্ডিতসকলে মনুষ্য জাতিৰ পুৰণি ইতিহাসৰ অমৃতস খীৰাই উলিয়াই তাৰে জ্ঞান-বিজ্ঞানক হৃষ্ট-পুষ্ট আৰু শকত কৰিছে, সি যি হওক, সেইবোৰ এতিয়া এই চুটি পাতনিত উলিয়াই আমি ইয়াক দীঘল কৰিব নোখোজো ৷ পাঠকসকলে দেখিব যে এই কিতাপত দিয়া কোনো কোনোটো সাধু ভাৰতবৰ্ষৰ আন আন দেশত, ঘাইকৈ বঙ্গদেশত প্ৰচলিত সাধুৰে সৈতে ঘাই কথাবিলাকত মিলে। এনে দেখি যদি তেওঁলোকে ভাবে যে সেইবোৰ বিদেশী সাধুৰ ছাঁ লৈ ৰচনা কৰা হৈছে তেন্তে ভুল কৰা হ'ব। এদেশৰ সাধু আন এদেশৰ সাধুৰে মিলি যোৱাৰ কেবাটাও কাৰণ আছে; তাৰে প্ৰথমটো হৈছে— সাধুবোৰ ইমান পুৰণি যে অতীজৰ আৰ্যবংশীয় মানুহবোৰ একেলগে থাকোতেই সেইবোৰ ৰচিত হয়। কালক্ৰমত আর্যবিলাক ফাটি য়ুৰোপ আৰু এচিয়াত ভাগ ভাগ হৈ পৰিলত দেশ-কাল-পাত্ৰ অনুসৰি তেওঁলোকৰ স্বভাৱ আৰু গঢ়গতিৰ সলনি হোৱাদি সেই সাধুবোৰৰো গঢ়-গতিৰ সলনি ঘটিছে। কিন্তু সেইবুলি সেইবোৰৰ জঁকাৰ সলনি ঘটা নাই আৰু ঘটিব নোৱাৰেও । সেইদেখি ইণ্ডো- য়ুৰোপীয়সকলৰ (Indo-Europeans) ভিতৰত প্ৰচলিত অনেক সাধুৰ বাহিৰৰ আকৃতি অনেক বিষয়ত বেলেগ হ'লেও তলৰ ভেটি একে। সেইদেখি লা ফন্টেনৰ সাধুবোৰ পঢ়োতে, পঞ্চতন্ত্ৰ আৰু হিতোপদেশৰ সাধুবোৰ পঢ়োতাই সেইবোৰ আচহুৱা যেন নাপায়। সেইদেখি ভাৰতবৰ্ষৰ ল'ৰা-নিচুকোৱা ধাইমাকে ল'ৰা নিচুকুৱাওঁতে যিবোৰ সাধু কয়, প্রায় তেনেকুৱা সাধুকে জাৰ্মান, নৰ'ৱে আৰু ফ্ৰান্সৰ ধাইমাকৰ মুখত শুনিবলৈ পোৱা যায়, – বিভিন্নতাৰ ভিতৰত মাথোঁ তাৰ সাজপাৰ, বৰণ আৰু মাত- কথা৷
দ্বিতীয়তে, এদেশৰ সাধু লাহে লাহে মুখে মুখে বাগৰি আন দেশলৈ নগৈ নাথাকে আৰু যাওঁতে বাটত তাৰ মোট সলনি নহৈ নাথাকে । প্রবাসত দীৰ্ঘকাল বাস কৰা বাবে শেষত সেইবোৰ পৰ-বাসেই আপোন-বাস হয় আৰু গঢ়-পিত লৰি পৰে। কিন্তু এই শ্ৰেণীৰ সাধুৰ লেখ সৰহ নহয়। ওচৰ-চুবুৰীয়া দেশৰ পৰাও সাধুৱে অহা-যোৱা কৰিবলৈ সুচল পায়। সেইদেখিহে আমি অসমীয়া সাধু বঙ্গদেশত ঘাইকৈ পূর্ববঙ্গত অনেক পাওঁ । আৰু এটা কথা মন কৰিবলৈ পাহৰিব নালাগে যে পূর্ববঙ্গ আৰু উত্তৰবঙ্গৰ এডোখৰ পুৰণি কামৰূপ ৰাজ্যৰ ভিতৰত থকা বাবে আমাৰ বহুত কামৰূপীয়া অৰ্থাৎ সাধু বঙালী হ'ল । এই কথা ভালকৈ মন কৰিলে ফটফটীয়াকৈ দেখিবলৈ পোৱা যায় যে আজিকালি যিবিলাক বঙালী গ্ৰন্থকাৰে সাধু বা “ৰূপকথা”ৰ কিতাপ লেখি ছপাইছে, তেওঁলোকৰ ভিতৰত যিকেইজন পূর্ববঙ্গদেশীয় তেওঁলোকৰ কিতাপ অসমীয়া সাধুকথাৰ জঁকা আৰু ছাঁ সৰহ; পশ্চিমবঙ্গদেশীয় কেইজনৰ কিতাপত সিমান নহয় । আমাৰ কথাৰ প্ৰমাণ দুখন বঙলা সাধুকথাৰ কিতাপেৰে দিওঁ, যেনে পূর্ববঙ্গদেশীয় গ্ৰন্থকৰ্তাৰ “টুনটুনিৰ বই” আৰু পশ্চিমবঙ্গদেশীয় গ্রন্থকৰ্তাৰ “ঠাকুৰমাৰ ঝুলি”। আৰু এটা কাৰণত সাধুকথাৰ মিল ঘটে। সেইটো হৈছে আকস্মিক মিল৷ মানুহ সকলো ঠাইতে মানুহ, আৰু তেওঁৰ ভাবিবৰ প্ৰণালীও পৃথিৱীৰ সকলো ঠাইতে অনেক বিষয়ত একে। সেইদেখি আন কি জুলুৰ কি হণ্টেনৰ কোনো কোনো সাধুৰে সৈতেও আর্যজাতিৰ মানুহৰ কোনো কোনো সাধুৰ মিল ওলায়৷
অসমীয়াই সাধুৰ মোল পুৰণি কালৰ পৰা বুজে আৰু চিৰকাল যে সাধক সমাদৰ কৰি আহিছে এই কথা “সাধু-কথা” এই শব্দটোলৈ মন কৰিলেই দেখিবলৈ পোৱা যায়। সাধুকথা মানে সজ কথা বা সন্ত-সাধুৰ উপদেশ বাক্য বুলি আদিৰপৰাই অসমীয়াই ভাবি আহিছে। ইয়াৰ পৰা এইটো স্পষ্টকৈ বুজিব পাৰি যে এইবিধ মনোজ্ঞ মৌখিক উপকথাৰে পুৰণি কালত অসমত জ্ঞানবৃদ্ধসকলে লোকক আৰু নিজৰ ল'ৰা- ছোৱালীক সজ উপদেশ আৰু নীতি-শিক্ষা দিছিল; সেইদেখিয়ে ইয়াৰ নাম সাধু-কথা দিছিল। এনে উপকথা বা গল্পক কোনো দেশৰ কোনো জাতিয়ে “সাধু-কথা” এই ওখ নাম দিয়া নাই। য়ুৰোপীয় Folktales বঙালীয়ে ইয়াক “ৰূপকথা”, “আষাঢ়ে গল্প” বোলে; অসমীয়াৰ দৰে সাধু-কথা, নোবোলে । ভাষা আৰু Folktales জাতিৰ হাড়- মগজু । ভাষাক অসমীয়াই বোলে মাতৃ আৰু ফক্টেলচক সাধু-কথা; তথাপি অসমীয়া আৰু বঙলা ভাষা হেনো একে।
শেহত কওঁ যে তলত নাম দিয়াসকলৰ পৰা আমি এই কিতাপত দিয়া সৰহভাগ সাধু পাইছিলো; কিন্তু কোনটো কাৰপৰা পোৱা গৈছিল সেইটো কোৱা অসাধ্য, কাৰণ নানাৰকমকৈ লিখা একোটা সাধুকে আমি কেইবাজনৰ পৰা পাইছিলো আৰু সেই এটাইবোৰ পঢ়ি মিলাই বাছি, যোগ-বিয়োগ কৰি আমি নিজৰ ভাষাত সাধুবোৰ সম্পূৰ্ণ নতুনকৈ লিখিছো । স্বৰূপাৰ্থত, তেওঁলোকে যি ভাষাত সাধুবোৰ লিখি পঠাইছিল সেই ভাষা এই সাধুবোৰত নাইবুলিলেই হয়, দৈবাৎহে কোনোটোত এশাৰী আদশাৰী আছে। কিছুমান সাধু আমাৰ সমূলি নিজা । সি যি নহওক, তেওঁলোকৰ সহায়ৰ বাবে আমি তেওঁলোকৰ শলাগ লৈছো। তেওঁলোকৰ নাম—
শ্ৰীভ্ৰমৰচন্দ্ৰ শইকীয়া, শ্ৰীমহীচন্দ্ৰ বৰা, শ্রীসীতানাথ শৰ্মা, শ্রীসৰ্বেশ্বৰ শৰ্মা কটকী, শ্ৰীৰুদ্ৰকান্ত গোস্বামী, শ্ৰীওৱাজেদ আলি, শ্ৰীনৰনাথ শৰ্মা, শ্ৰীৰোষেশ্বৰ শৰ্মা, শ্রীপদ্মধৰ চলিহা, শ্ৰীৰত্নকান্ত শৰ্মা, শ্রীহলধৰ ভূঞা, শ্রীগোলোক চন্দ্ৰ শৰ্মা, শ্ৰীমেঘনাথ ডেকা, শ্ৰীৰূপচন্দ্ৰ বৰুৱা, শ্ৰীদীননাথ মেধি, শ্রীলোকনাথ দাস, শ্রীগোবিন্দ চন্দ্ৰ চৌধুৰী, শ্রীদীনেশ্বৰ দত্ত।