We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
JENNY MARX
by Abu Nasar Saied Ahmed
₹21.00
SKU
5959
Overview
বিশ্বৰ সৰ্বাধিক চৰ্চিত মহান ৰাজনৈতিক দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ পত্নী জেনী মাৰ্ক্সৰ জীৱনী গ্ৰন্থখন ধাৰাবাহিক ৰূপত হোমেন বৰগোহাঞি সম্পাদিত অধুনালুপ্ত আলোচনী সূত্ৰধাৰত ১৯৯০ চনৰ বিহু সংখ্যাৰ পৰা প্ৰকাশ পাইছিল। তাৰ পাছত ২০০৬ চনত সম্পূৰ্ণ গ্ৰন্থৰ আধাৰত এই জীৱনী প্ৰকাশ পালে।আচল নাম বেৰ’নেছ উপাধিৰে জোনানা বাৰ্থা জেনী ফন ৱেষ্টফালেন। এইগৰাকী অতুলনীয় নাৰীক কাৰ্ল মাৰ্ক্সৰ পত্নী বুলি থোৰতে জনা যায়। কিন্তু বহুতেই হয়তো নাজানে কিদৰে অঘৰী মাৰ্ক্সৰ ভাগ্যৰ লগত নিজৰ সুখ-দুখ, বৰ্তমান আৰু ভৱিষ্যৎ একাকাৰ কৰা জেনী নামৰ এইগৰাকী মহান মহিলাই মাৰ্ক্সৰ বৌদ্ধিক সাফল্যৰ প্ৰতিটো স্তৰত নিজৰ বৰঙণি দি থৈ গৈছে। বয়সত মাৰ্ক্সৰ্তকৈ চাৰি বছৰে ডাঙৰ, অতিকৈ অপৰূপা আৰু মৰম লগা জেনী ল’ৰালিতে মাৰ্ক্সৰ খেলাধূলা কৰা লগৰী আছিল।পাছত মাৰ্ক্সৰ সহধৰ্মিণী, গৃহিণী আৰু সহকৰ্মী হিচাপে তেওঁৰ সকলো কামত প্ৰেৰণা আৰু সহযোগিতা আগবঢ়াই ইতিহাসৰ পাতত এক বিশিষ্ট স্থান অধিকাৰ কৰি ৰখা জেনীৰ জীৱন-কাহিনী দুনাই পঢ়ুৱৈৰ হাতত তুলি দিয়া হৈছে। ই কেৱল এগৰাকী মহান মহিলাৰ জীৱন-দস্তাবেজেই নহয়, ইয়াত সেই সময়ৰ ৰাজনৈতিক, সামাজিক আৰু আৰ্থিক ছবিখনৰো পৰিষ্কাৰ আভাস পোৱা যায়।
A biography by abu Nasar Saied Ahmed
Author name | Abu Nasar Saied Ahmed |
---|---|
Edition | 1st |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |
Write Your Own Review