BURHI AAIR SADHU

BURHI AAIR SADHU

In stock

BURHI AAIR SADHU

by Lakshminath Bezbaroa

₹21.00
SKU
eBook_001
Overview

বুঢ়ী আইৰ সাধুখন অসমীয়া সাধু কথাৰ ভঁৰাল৷" যোৱাটো শতিকাৰ ষাঠিৰ দশকত, অৰ্থাৎ বুঢ়ী আইৰ সাধুৰ প্ৰকাশৰ প্ৰায় পঞ্চাছ বছৰ পাছত লেখাৰুৱে লিখিছিল: " অতি সহজ সৰল ভাষাত লেখা এই সাধুবোৰ আজিও কৰা ছোৱালীৰ আগ্ৰহৰ বস্তু৷" একবিংশ শতিকাৰ তৃতীয় দশকৰ মাজ ভাগতো (২০২৪) লেখাৰুৰ এই মন্তব্য সত্য হৈ ৰৈছে৷ বুৰঞ্জীবিদ তথা বিশিষ্ট অসমীয়া গদ্য ৰীতিৰ প্ৰবৰ্তন কৰোঁতা বেণুধৰ শৰ্মাৰ মতে সাধুতেই জাতীয় সভ্যতাৰ আত্মাটো বা আমঠুটো সোমাই থাকে৷ বুঢ়ী আইৰ সাধু ছপা হোৱা এশ বছৰ পাছতো এই সাধুবোৰে নিৰ্মাণ কৰি লোৱা ভিন ভিন তৰপীয়া জগতৰ সাৱলীলতাই শিশু মনক এতিয়াও চুই যাবলৈ সক্ষম হৈ ৰৈছে৷ বুঢ়ী আইৰ সাধুত মুঠতে ত্ৰিশটা সাধু আছে৷ আলোচক ফ্ৰাৎচ ফ্ৰানোৱে ঔপনিৱেশিকতাৰ এটা স্তৰত এই উপনিবেশৰ অধীনৰ কিছু আগবঢ়া লোকে বৌদ্ধিক ভাৱে নিজৰ জাতি, সমাজৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰা দেখা যায় বুলি কৈছে৷

ঐতিহ্য, পৰম্পৰা আৰু সংস্কৃতিৰ সমলৰ পৰা এই পৰিচয় প্ৰতিষ্ঠা(establishment of identity)ৰ প্ৰক্ৰিয়াটো আগবাঢ়ে৷ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধু অসমীয়া মানুহৰ বাবে জাতিটোৰ প্ৰতিষ্ঠা স্থাপনৰ এটা নমুনা৷ মনোৰঞ্জনৰ বাবে ৰচিত হ'লেও এই সাধুবোৰে কোনো কোনো ক্ষেত্ৰত নৈতিক শিক্ষা(moral education) ও দিয়াৰ প্ৰয়াস কৰিছে৷

A collection of Assamese folklores by Sahityarathi Lakshminath Bezbaroa
More Information
Author name Lakshminath Bezbaroa
Edition 1st
Rights Reserved All Rights Reserved
Book Type eBook
Book Language Assamese
Write Your Own Review
You're reviewing:BURHI AAIR SADHU
Your Rating
WhatsApp Chat WhatsApp Chat