Newton's 3rd Law
পদাৰ্থবিজ্ঞানৰ ছাত্ৰ হিচাপে, নিউটনৰ তৃতীয় সূত্ৰৰ বিষয়ে আলোচনা হলে মনেমনে থাকিব নোৱাৰোঁ । আচলতে, পদাৰ্থবিজ্ঞানৰ তত্ত্ববিলাকৰ ভিতৰত নিউটনৰ তৃতীয় সূত্ৰৰ জনপ্ৰিয়তাই আটাইতকৈ বেছি । সেইবাবেই, শ্ৰেণীকোঠাৰ বাহিৰতো ইয়াৰ আলোচনা সঘনেই দেখা যায় । ডাঙৰ ডাঙৰ ঘটনাৰ পিচত, এই সূত্ৰই সাধাৰণ আলোচনা বা public discourse ত ভূমুকি মাৰে; যেনে, ১৯৮৪ চনত, ২০০২ চনত আৰু সম্প্ৰতি যোৰহাটত অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ পিচত; ডাঙৰ নেতা, উচ্চপদস্থ বিষয়া আদিয়ে এই সূত্ৰৰ উল্লেখ কৰি আহিছে এই অৰ্থ বুজাবলৈ যে – এটা বেয়া কাম হল, তাৰ প্ৰতিক্ৰিয়া হিচাপেহে অন্য এটা বেয়া কাম হল । আৰু তাৰ পিচত ? কোনেও নকলেও, এই কথাই বুজোৱা হয় যে – তাৰ পিচত যেন সকলো শান্তি । কিন্তু দৰাচলতে, পদাৰ্থবিজ্ঞানৰ সঠিক ক্ষেত্ৰতে হওক বা সাধাৰণ আলোচনাতে হওক, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পিচত সদায় শান্তি নহবও পাৰে । ড'মিন' খেলত হোৱা দৰে, মাৰি পঠিওৱা বলটোৱে মাত্ৰ এটা ডমিনোকে পেলাই নিদিয়ে; ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে এটাৰ পিচত এটাকৈ ড'মিন'বোৰৰ পতন হয় আৰু যিমান বেছি ড'মিনোক পেলাই দিব পাৰি সিমানেই বেছিকৈ খেলুৱৈজনৰ সফলতা বুলি ধৰা হয় । তেনেদৰে, elastic বা স্থিতিস্থাপক আৰু ঘন মাধ্যম ( medium) ত এটা বল প্ৰয়োগ হলে, সেই বল কেবল এটা প্ৰতিক্ৰিয়াতে সীমাবদ্ধ নাথাকে; সেই বল মাধ্যমৰ এটা কণাৰ পৰা আনটো কণালৈ সঞ্চাৰিত হৈ, মুহূৰ্তৰ ভিতৰতে গোটেই মাধ্যমটোতে একোটা তৰংগৰ সৃষ্টি কৰে (দৰাচলতে, শব্দ বা ভূমিকম্প এইদৰেই সঞ্চালিত হয়) । ৰাজহুৱা জীৱনত দৰাচলতে, এটা ক্ৰিয়াৰ উত্তৰত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে সমান আৰু উলোটা হবই লাগিব বুলি কোনো কথা নাই । প্ৰতিক্ৰিয়াটো বিচাৰ-বিবেচনাৰে নিৰ্ণয় কৰাৰ আমাৰ সুবিধা আছে । সভ্যতাৰ চূড়ান্ত শিখৰত আৰোহণ কৰাৰ পিচত, মানুহে এনেদৰে, সুবিবেচিতভাৱে অগ্ৰসৰ নহলে, ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ chain reaction এ আচলতে গোটেই সমাজতে সম্পূৰ্ণ নিয়ন্ত্ৰণহীন অশুভ শক্তিৰ তৰংগ বোৱাই দিব পাৰে ।