This is a Demo store, No Orders will be fullfilled

arif Rahman

  1. বুঢ়ী আইৰ সাধু

    বুঢ়ী আইৰ সাধু

    পাতনি 

    প্ৰত্যেক জাতিৰ আৰু প্ৰত্যেক দেশৰ সুকীয়া ভাষা থকাদি সুকীয়া সাধু-কথা (Folklore) আছে। ভাষা যেনেকৈ কোনো এটা জাতিৰ জাতীয় জীৱনৰ গুৰিৰ পৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত, পুৰণি সাধুকথাবোৰো সেইদৰে জাতীয় জীৱনৰ পুৰণি কালৰপৰা আত্মপ্ৰকাশ আৰু আত্ম-জীৱনচৰিত। কোনো এটা জাতিৰ ভিতৰুৱা শিক্ষিত-অশিক্ষিত, সভ্য-অসভ্য, জ্ঞানী-অজ্ঞানী সকলো মানুহৰে চৰণৰ ছাপ যেনেকৈ সেই জাতিৰ নিজা ভাষাত মচ নোখোৱাকৈ থাকি যায়, জাতীয় পুৰণিকলীয়া সাধুকথাবিলাকতো সেইদৰে সেই জাতিৰ ভিতৰুৱা সকলো শ্ৰেণীৰ মানুহৰ পুৰণি আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, চিন্তা-কল্পনা আদিৰ সাঁচ মচ নোখোৱাকৈ থাকি যায়। সেইদেখি মানুহৰ জাতীয়-জীৱনত অলিখিত পুৰণি বুৰঞ্জী জানিবৰ নিমিত্তে “ফাইল’লজি” (Philology) অর্থাৎ ভাষাতত্ত্ব আৰু “মাইথ’লজি” (Mythology) অৰ্থাৎ পুৰাণতত্ত্ব যেনেকুৱা লাগতিয়াল, ফকল’ৰ (Folklore) অৰ্থাৎ সাধুকথাতত্ত্বও

  2. Encounter

    Encounter
    অসমত কেব আন্দোলন হোৱাৰ আগৰ কথা | হাইদ্ৰবাদৰ পুলিচে ধৰ্ষণৰ অভিযুক্তক ৰাতি ’এনকাউন্টাৰ’ কৰি মাৰিলে | সমগ্ৰ দেশতে উচ্ছাস, আনন্দ | মানুহে ’এনকাউন্টাৰ’ ৰ আনন্দত মিঠাই লৈকে বিতৰণ কৰাৰ বাতৰি আহি আছিল | মই সেই হত্যাৰ বিৰোধ কৰি ফেচবুকত লিখিছিলো যে, হিন্দী চিনেমাই গৌৰৱান্বিত কৰা ’এনকাউন্টাৰ’ বোলা অভিযুক্তক শাস্তি দিয়াৰ কোনো আইণগত প্ৰথা ভাৰতীয় দন্ডবিধিত নাই | ’এনকাউন্টাৰ’ বুলি যিমানেই হৰ্ষ উল্লাস কৰা নহওক কিয় আইণৰ দৃষ্টিত এয়া এক হত্যাকান্ড, পাৰিভাষিক শব্দত কবলৈ গলে Custodial Killing অথবা Extra Judicial Killing | আৰু এনকাউন্টাৰত জড়িত পুলিচ বিষয়াক যিমানেই মহিমামণ্ডিত কৰা নহওক কিয় তেওঁৰ বিৰুদ্ধে অৱধাৰিতভাৱে হত্যাৰ কেছ ৰুজু হব | মই এয়াও লিখিছিলো যে, পুলিছৰ কাম শাস্তি প্ৰদান কৰা নহয় | হিন্দি চিনেমাই ’থাৰ্ড ডিগ্ৰি’ আদি পুলিচে অভিযুক্তৰ ওপৰত কৰা শাৰিৰীক অত্যাচাৰক জনমানসত এক ধৰণৰ বৈধতা প্ৰদান কৰিছে যদিও এয়াও বে-আইনী | পুলিছৰ কাম অপৰাধৰ তদন্ত কৰি অভিযুক্তয়ে যে অপৰাধ কৰিছে তাৰ প্ৰমাণ ন্যায়ালয়ৰ আগত দাঙি ধৰা | সাংবিধানিক প্ৰজাতান্ত্ৰিক ভাৰতবৰ্ষত অপৰাধৰ শাস্তি প্ৰদান কৰাৰ অধিকাৰ একমাত্ৰ ন্যায়ালয়ৰ
  3. Newton's 3rd Law

    Newton's 3rd Law
    পদাৰ্থবিজ্ঞানৰ ছাত্ৰ হিচাপে, নিউটনৰ তৃতীয় সূত্ৰৰ বিষয়ে আলোচনা হলে মনেমনে থাকিব নোৱাৰোঁ । আচলতে, পদাৰ্থবিজ্ঞানৰ তত্ত্ববিলাকৰ ভিতৰত নিউটনৰ তৃতীয় সূত্ৰৰ জনপ্ৰিয়তাই আটাইতকৈ বেছি । সেইবাবেই, শ্ৰেণীকোঠাৰ বাহিৰতো ইয়াৰ আলোচনা সঘনেই দেখা যায় । ডাঙৰ ডাঙৰ ঘটনাৰ পিচত, এই সূত্ৰই সাধাৰণ আলোচনা বা public discourse ত ভূমুকি মাৰে; যেনে, ১৯৮৪ চনত, ২০০২ চনত আৰু সম্প্ৰতি যোৰহাটত অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ পিচত; ডাঙৰ নেতা, উচ্চপদস্থ বিষয়া আদিয়ে এই সূত্ৰৰ উল্লেখ কৰি আহিছে এই অৰ্থ বুজাবলৈ যে – এটা বেয়া কাম হল, তাৰ প্ৰতিক্ৰিয়া হিচাপেহে অন্য এটা বেয়া কাম হল । আৰু তাৰ পিচত ? কোনেও নকলেও, এই কথাই বুজোৱা হয় যে – তাৰ পিচত যেন সকলো শান্তি । কিন্তু দৰাচলতে, পদাৰ্থবিজ্ঞানৰ সঠিক ক্ষেত্ৰতে হওক বা সাধাৰণ আলোচনাতে হওক, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পিচত সদায় শান্তি নহবও পাৰে । ড'মিন' খেলত হোৱা দৰে, মাৰি পঠিওৱা বলটোৱে মাত্ৰ এটা ডমিনোকে পেলাই নিদিয়ে; ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে এটাৰ পিচত এটাকৈ ড'মিন'বোৰৰ পতন হয় আৰু যিমান বেছি ড'মিনোক পেলাই দিব পাৰি সিমানেই বেছিকৈ খেলুৱৈজনৰ সফলতা বুলি ধৰা হয় । তেনেদৰে,
WhatsApp Chat WhatsApp Chat