We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Encounter
Posted:
December 31, 2021
Categories:
Category1
অসমত কেব আন্দোলন হোৱাৰ আগৰ কথা | হাইদ্ৰবাদৰ পুলিচে ধৰ্ষণৰ অভিযুক্তক ৰাতি ’এনকাউন্টাৰ’ কৰি মাৰিলে | সমগ্ৰ দেশতে উচ্ছাস, আনন্দ | মানুহে ’এনকাউন্টাৰ’ ৰ আনন্দত মিঠাই লৈকে বিতৰণ কৰাৰ বাতৰি আহি আছিল | মই সেই হত্যাৰ বিৰোধ কৰি ফেচবুকত লিখিছিলো যে, হিন্দী চিনেমাই গৌৰৱান্বিত কৰা ’এনকাউন্টাৰ’ বোলা অভিযুক্তক শাস্তি দিয়াৰ কোনো আইণগত প্ৰথা ভাৰতীয় দন্ডবিধিত নাই | ’এনকাউন্টাৰ’ বুলি যিমানেই হৰ্ষ উল্লাস কৰা নহওক কিয় আইণৰ দৃষ্টিত এয়া এক হত্যাকান্ড, পাৰিভাষিক শব্দত কবলৈ গলে Custodial Killing অথবা Extra Judicial Killing | আৰু এনকাউন্টাৰত জড়িত পুলিচ বিষয়াক যিমানেই মহিমামণ্ডিত কৰা নহওক কিয় তেওঁৰ বিৰুদ্ধে অৱধাৰিতভাৱে হত্যাৰ কেছ ৰুজু হব | মই এয়াও লিখিছিলো যে, পুলিছৰ কাম শাস্তি প্ৰদান কৰা নহয় | হিন্দি চিনেমাই ’থাৰ্ড ডিগ্ৰি’ আদি পুলিচে অভিযুক্তৰ ওপৰত কৰা শাৰিৰীক অত্যাচাৰক জনমানসত এক ধৰণৰ বৈধতা প্ৰদান কৰিছে যদিও এয়াও বে-আইনী | পুলিছৰ কাম অপৰাধৰ তদন্ত কৰি অভিযুক্তয়ে যে অপৰাধ কৰিছে তাৰ প্ৰমাণ ন্যায়ালয়ৰ আগত দাঙি ধৰা | সাংবিধানিক প্ৰজাতান্ত্ৰিক ভাৰতবৰ্ষত অপৰাধৰ শাস্তি প্ৰদান কৰাৰ অধিকাৰ একমাত্ৰ ন্যায়ালয়ৰ | আমাৰ সংবিধানত চৰকাৰৰ তিনিওটা অংগ - Legislative,Executuve, আৰু Judiciary ৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰা হৈছে, একে আনক check and balance কৰি ৰাখে | সেই ভাৰসাম্য ভঙ্গ কৰি যদি পুলিচ-প্ৰশাসনে ন্যায়ালয়ৰ কাম কৰিবলৈ আৰম্ভ কৰে তেন্তে স্বাভাৱিকতে সেই ভাৰসাম্য নষ্ট হব আৰু দেশৰ মূল পৰিকাঠামোত অৰাজকতাৰ সৃষ্টি হব | গতিকে, এখন সুস্থ গণতন্ত্ৰত এনকাউন্টাৰক সমৰ্থন কৰি সাধাৰণ নাগৰিকে উল্লাস কৰাটো বৰ আচৰিত কথা, কাৰণ ইয়াৰ দ্বাৰা নাগৰিকে নিজৰে অধিকাৰকে খৰ্ব কৰি আছে, নিজেই নিজৰ ভৰিত কুঠাৰ মাৰি আছে |
ন্যায় ব্যৱস্থা লেহেম হোৱাৰ আপত্তি কৰি বহুতে হয়তো এনকাউন্টাৰৰ দৰে এনেকুৱা Instant Justice ক সমৰ্থন কৰি আছে, কিন্তু যদি গভীৰ ভাবে চিন্তা কৰে তেন্তে দেখিব যে মব লিনচিঙৰ ক্ষেত্ৰতো কিন্তু সেই একে Instant Justice প্ৰদান কৰাৰ মানসিকতাই কাম কৰে | গতিকে মব লিনচিঙ আৰু এনকাউন্টাৰৰ মাজত চাৰিত্ৰিক পাৰ্থক্য বিশেষ একো নাই | ন্যায় শব্দটো ক্ষুদ্ৰ, কিন্তু এখন সমাজে যদি নিৰপেক্ষ ভাবে ন্যায় প্ৰদান কৰিব নোৱাৰে তেন্তে বাকী সকলো উন্নয়ণ, ডেভেলপমেন্টৰ অৰ্থহীণ হৈ যায় | আৰু ন্যায় প্ৰদানৰ সোনোৱালী আদৰ্শটো হ’ল - প্ৰয়োজন হলে দহজন অপৰাধী মুক্তি পাওক তথাপি এজনো নিৰপৰাধী যাতে শাস্তি নেপায় | এতিয়া ডাঙৰ প্ৰশ্নটো হ’ল অভিযুক্ত এজন অপৰাধী হয় নে নহয় এই কথা কোনে নিৰ্ধাৰণ কৰিব - পুলিচে, ফেচবুকৰ নেটিজেনে, সংবাদ মাধ্যমে নে ন্যায়ালয়ে ?
যিকিনহওক, কেব আন্দোলনৰ আগে আগে হাইদ্ৰাবাদত হোৱা ধৰ্ষণৰ অভিযুক্তৰ তথাকথিত এনকাউন্টাৰৰ বিৰোধীতা কৰাৰ বাবে অসমৰ ফেচবুক সমাজে আমাক বৰ ভালকৈ ধুইছিল | ইনবক্সত অশ্লীল গালিগালজৰ ওপৰিও প্ৰকাশ্য়ে আমাক ধৰ্ষণৰ সমৰ্থক বুলিও অভিহিত কৰিছিল | কিন্তু কেব আন্দোলনৰ সময়ত এজন ফুলকুমলীয়া কিশোৰ যিদিনা পুলিচৰ গুলিত নিহত হৈছিল, সিদিনা আমাক গালি দিয়া বহুতেই আমাক মেছেজ কৰি ক্ষমা খুজিছিল |
ফ্ৰেংকেনষ্টাইনৰ সৃষ্টি নকৰিব, নহলে এদিন আপোনাৰো পদূলি মুখত আহি উপস্থিত হব | আমাৰ দেশৰ মূল আধাৰ হ’ল আমাৰ সংবিধান | সংবিধান মতে ৰাষ্ট্ৰ চলিব লাগিব | নাগৰিকে ইয়াত আপোচ কৰা মানে মূৰ্খামী কৰা, নিজৰে ক্ষতি কৰা |
Comment(s)