We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Monthly Archives: December 2021
-
Posted: December 31, 2021Categories: Category1অসমত কেব আন্দোলন হোৱাৰ আগৰ কথা | হাইদ্ৰবাদৰ পুলিচে ধৰ্ষণৰ অভিযুক্তক ৰাতি ’এনকাউন্টাৰ’ কৰি মাৰিলে | সমগ্ৰ দেশতে উচ্ছাস, আনন্দ | মানুহে ’এনকাউন্টাৰ’ ৰ আনন্দত মিঠাই লৈকে বিতৰণ কৰাৰ বাতৰি আহি আছিল | মই সেই হত্যাৰ বিৰোধ কৰি ফেচবুকত লিখিছিলো যে, হিন্দী চিনেমাই গৌৰৱান্বিত কৰা ’এনকাউন্টাৰ’ বোলা অভিযুক্তক শাস্তি দিয়াৰ কোনো আইণগত প্ৰথা ভাৰতীয় দন্ডবিধিত নাই | ’এনকাউন্টাৰ’ বুলি যিমানেই হৰ্ষ উল্লাস কৰা নহওক কিয় আইণৰ দৃষ্টিত এয়া এক হত্যাকান্ড, পাৰিভাষিক শব্দত কবলৈ গলে Custodial Killing অথবা Extra Judicial Killing
-
Posted: December 04, 2021পদাৰ্থবিজ্ঞানৰ ছাত্ৰ হিচাপে, নিউটনৰ তৃতীয় সূত্ৰৰ বিষয়ে আলোচনা হলে মনেমনে থাকিব নোৱাৰোঁ । আচলতে, পদাৰ্থবিজ্ঞানৰ তত্ত্ববিলাকৰ ভিতৰত নিউটনৰ তৃতীয় সূত্ৰৰ জনপ্ৰিয়তাই আটাইতকৈ বেছি । সেইবাবেই, শ্ৰেণীকোঠাৰ বাহিৰতো ইয়াৰ আলোচনা সঘনেই দেখা যায় । ডাঙৰ ডাঙৰ ঘটনাৰ পিচত, এই সূত্ৰই সাধাৰণ আলোচনা বা public discourse ত ভূমুকি মাৰে; যেনে, ১৯৮৪ চনত, ২০০২ চনত আৰু সম্প্ৰতি যোৰহাটত অনিমেষ ভূঞাৰ নৃশংস হত্যাকাণ্ডৰ পিচত; ডাঙৰ নেতা, উচ্চপদস্থ বিষয়া আদিয়ে এই সূত্ৰৰ উল্লেখ কৰি আহিছে এই অৰ্থ বুজাবলৈ যে – এটা বেয়া কাম হল, তাৰ প্ৰতিক্ৰিয়া হিচাপেহে অন্য এটা বেয়া কাম হল । আৰু তাৰ পিচত ? কোনেও নকলেও, এই কথাই বুজোৱা হয় যে – তাৰ পিচত যেন সকলো শান্তি । কিন্তু দৰাচলতে, পদাৰ্থবিজ্ঞানৰ সঠিক ক্ষেত্ৰতে হওক বা সাধাৰণ আলোচনাতে হওক, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ পিচত সদায় শান্তি নহবও পাৰে । ড'মিন' খেলত হোৱা দৰে, মাৰি পঠিওৱা বলটোৱে মাত্ৰ এটা ডমিনোকে পেলাই নিদিয়ে; ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে এটাৰ পিচত এটাকৈ ড'মিন'বোৰৰ পতন হয় আৰু যিমান বেছি ড'মিনোক পেলাই দিব পাৰি সিমানেই বেছিকৈ খেলুৱৈজনৰ সফলতা বুলি ধৰা হয় । তেনেদৰে,