We use cookies to make your experience better. To comply with the new e-Privacy directive, we need to ask for your consent to set the cookies. Learn more.
Chekhovar Golpa
by Anton Chekhov
চেখভৰ সকলোবোৰ গল্প পঢ়িবলৈ পোৱাৰ সৌভাগ্য আমাৰ হোৱা নাই । ইংৰাজী ভাষাত প্ৰকাশিত প্রায় এশ মান গল্প পঢ়ি লৈ তাৰ পৰা এই দুই ডজন গল্প বাছি লোৱা হৈছে । ১৮৮৩ চনৰ পৰা ১৯০৩ চনৰ ভিতৰত ৰচিত এই গল্পকেইটা ৰচনা কালৰ ক্ৰম অনুসৰি সজাই এই সংকলনত ঠাই দিয়া হৈছে। বাছনিৰ বাবে যদিও মুখ্যতঃ আমাৰ নিজে পঢ়ি ভাল লগাটোৰ ওপৰতে গুৰুত্ব দিয়া হৈছে, তথাপি হাস্য-ব্যঙ্গৰ ৰূপ পৰিস্ফুট হোৱা, মনস্তাত্বিক বিশ্লেষণেৰে চৰিত্ৰ চিত্ৰণ কৰা নাইবা আজিৰ অসমীয়া সমাজখনৰ পৰিপ্ৰেক্ষিতত চিনাকি চৰিত্ৰৰ সমাৱেশ থকা যেন লগা গল্পক কিছু অগ্ৰাধিকাৰ দিয়া হৈছে । তাৰ লগতে আছে দৈৰ্ঘ্যৰ হিচাপ, প্রকাশন সমস্যাৰ পৰা হাত সাৰিবলৈ । দৈৰ্ঘ্যৰ প্ৰতিবন্ধক নথকা হ’লে হয়তো এই সংকলনত সন্নিবিষ্ট ভালেকেইটা গল্প বাদ পৰি তাৰ ঠাইত অন্য গল্প সোমালহেঁতেন।
অসমীয়া ভাষাত চেখভৰ গল্পৰ প্ৰকাশ তেনেই কম। সেয়ে চেখভ বছা বছা গল্প কেইটামান ইংৰাজীৰ পৰা অনুবাদ কৰি সংকলিত কৰাৰ প্ৰয়োজন অনুভৱ কৰা হ’ল।
Author name | Anton Chekhov |
---|---|
Edition | 1st 2024 |
Rights Reserved | All Rights Reserved |
Book Type | eBook |
Book Language | Assamese |